মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্প, অসম Assam CM Launches Chief Minister’s Institutional Plantation Programme (CMIPP).
প্রকল্পৰ চমু বিৱৰণ ( মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্প )
আজি বিশ্বজুৰি মানৱ জাতিয়ে সন্মুখীন হোৱা পৰিৱেশৰ আটাইতকৈ ডাঙৰ প্রত্যাহ্বান হৈছে জলবায়ু পৰিৱৰ্তন ৷ শেহতীয়াকৈ দৃশ্যমান হোৱা বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ লগতে প্রৱল বৃষ্টিপাত, খৰাং সদৃশ পৰিস্থিতি আদিৰ দৰে চৰম বতৰৰ পৰিঘটনাবোৰে এনে পৰিৱৰ্তনৰেই ইংগিত বহন কৰে। উত্তৰ-পূৱ ভাৰত হ’ল পূৱ হিমালয় আৰু ভাৰত-বাৰ্মাৰ জীৱ বৈচিত্ৰ্য ‘হটস্পট’ৰ সংগমস্থলী। বিশেষ ভৌগলিক অৱস্থান, সংবেদনশীল পৰিৱেশ তন্ত্ৰ, আন্তঃৰাষ্টৰীয়ভাৱে ব্যাপ্ত নদী অৱবাহিকা আৰু সামাজিক-জনগাঁথনিৰ কাৰকসমূহৰ বাবে উত্তৰ-পূৱ ভাৰতত জলবায়ু পৰিৱৰ্তনৰ প্রভাৱ অধিক সংকটপূৰ্ণ হ’ব পাৰে। অৱশ্যে জলবায়ু পৰিৱৰ্তন প্রশমণৰ বাবে গছপুলি ৰোপণ আৰু গছ- গছনিৰ প্রাকৃতিকভাৱে পুনৰাৱৰ্তন হ’ব মূল ছাবিকাঠি ৷ এই উদ্দেশ্য আগত ৰাখি আৰু জলবায়ু পৰিৱৰ্তনৰ প্রভাৱ হ্লাসৰ বাবে গছ-গছনিৰে সেউজী আৱৰণ বৃদ্ধি কৰা আৰু সকলো চৰকাৰী চৌহদৰ নান্দনিক সৌন্দৰ্যৰ সংবর্ধন কৰাৰ বাবে ´মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্প´ (চি এম আই পি পি)ৰ অধীনত এক ব্যৱহাৰিক, বহনক্ষম আৰু প্রাতিষ্ঠানিক বৃক্ষ-ৰোপণ কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে। ২০২২ বৰ্ষৰ ১৫ জুলাইৰ পৰা ১৫ আগষ্টৰ ভিতৰত দীৰ্ঘস্থায়ী উদ্দেশ্যৰে ৰূপায়ণ কৰিব খোজা এই কাৰ্যসূচীৰ তত্বাৱধানত আছে অসম চৰকাৰৰ বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ ৷
প্রকল্পৰ উদ্দেশ্য (মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্প)
- ব্যাপক ৰূপত গছপুলি ৰোপণৰ জৰিয়তে কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰা ।
- ঔষধি আৰু ফলমূলৰ উদ্ভিদকে ধৰি গুৰুত্বপূৰ্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ কৰা ।
- অধিক সেউজ আৱৰণেৰে প্রাতিষ্ঠানিক চৌহদৰ সৌন্দৰ্য বৃদ্ধি কৰা ।
- জলবায়ু পৰিৱৰ্তন প্ৰশমনত সামূহিক অংশগ্ৰহণৰ বাবে সজাগতা সৃষ্টি কৰা ।
- পৰিৱেশ সংৰক্ষণৰ যোগেদি জীৱনৰ সৌন্দৰ্য বৃদ্ধি কৰা ।
- চৌপাশত নিৰ্মল বায়ুলাভ কৰা ।
প্ৰকল্পৰ ৰূপৰেখা
- চৰকাৰী প্ৰতিষ্ঠানৰ চৌহদত গছপুলি ৰোপন অভিযান ।
- সকলো চৰকাৰী কৰ্মচাৰীয়ে ৰোপণ কৰা গছৰ দায়িত্ব লৈ ৩ বছৰলৈ ইয়াৰ প্ৰতিপালন কৰিব ।
- শিক্ষানুষ্ঠানৰ সকলো শিক্ষক, আৰু ছাত্ৰ-ছাত্ৰী চি এম আই পি পিৰ অংশ হ’ব ।
- বছৰজোৰা আজাদি কা অমৃত মহোৎসৱ’ৰ সামৰণি অনুষ্ঠানৰ সমসাময়িকৱায়ে পালন কৰা হ’ব ।

কোনে অংশগ্ৰহন কৰিব পাৰিব
- অসম চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰী ।
- অসমৰ চৰকাৰৰ অধীনৰ শিক্ষানুষ্ঠানৰ সকলো শিক্ষক, আন কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী ।
- স্বায়ত্তশাসিত পৰিষদ/ সংস্থা/ নিগম/ সংগঠন/ পঞ্চায়তী ৰাজ প্রতিষ্ঠান/ পৌৰ নিকায়ৰ সকলো সদস্য।

গছপুলি ৰোপণ ক’ত কৰিব?
- প্ৰতিষ্ঠানৰ চৌহদৰ ভিতৰত গছপুলি ৰোপণৰ বাবে উপযুক্ত ঠাই বিচাৰি উলিয়াব ।
- গছপুলি ৰোৱাৰ বাবে উপলব্ধ স্থানৰ কালি নিৰ্ণয় কৰিব আৰু লিপিবদ্ধ কৰিব ।
- ৰোপণ কৰিবলগীয়া গছপুলিৰ আনুমানিক সংখ্যা নিৰ্ধাৰণ কৰিব ।
গছপুলি ৰোপণ কেনেকৈ সম্পন্ন কৰিব?
- বৈজ্ঞানিক পদ্ধতিৰে গছপুলি ৰোৱাৰ স্থানৰ-গাঁত খন্দা, জৈৱিক সাৰ প্রয়োগ কৰা, বেৰ দিয়া ইত্যাদি।
- এই পুস্তিকাত দিয়া পৰামৰ্শ ভিত্তিক তালিকাৰ পৰা উপযুক্ত উদ্ভিদ প্রজাতি বা স্থানীয়ভাৱে উপলব্ধ থলুৱা উদ্ভিদ প্ৰজাতি ৰোপণ কৰিব পাৰিব।
- প্রতিষ্ঠানৰ চৌহদত উপলব্ধ ঠাই আৰু নান্দনিক সৌন্দৰ্য্যৰ প্রতি দৃষ্টি ৰাখি উদ্ভিদ প্ৰজাতিৰ আকাৰ (সৰু/মজলীয়৷/ডাঙৰ) নিৰ্বাচন কৰিব।

গছৰপুলিবোৰ ক’ৰ পৰা পাব?
- ঘৰৰ বাগিচাত স্থানীয়ভাৱে উপলব্ধ গছপুলি ।
- নাৰ্চাৰী,বন বিভাগ, স্থানীয় কৃষি বা উদ্যান শস্য বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি ।
গছপুলিৰ ৰোপণৰ নিৰ্দেশিকা
- উদ্ভিদজোপাৰ উপযোগীকৈ এটুকুৰা ঠাই বাচি লওক। যদি ঠাইটুকুৰা দমাটিৰ হয়, প্রয়োজন অনুসৰি ভূমিপৃষ্ঠৰ উচ্চতা সাপেক্ষে ইয়াৰ স্তৰ বঢ়াই ল’ব।
- গছপুলি ৰোপণৰ আনুমানিক দুৰত্ব বজাই ৰাখক: বৃহৎ গছৰ বাবে ২০ ফুট; মজলীয়া গছৰ বাবে ১৫ ফুট আৰু সৰু গছৰ বাবে ১০ ফুট; লতাজাতীয় উদ্ভিদৰ বাবে বগাবলৈ ডাঙৰ আশ্ৰয় উদ্ভিদৰ প্রয়োজন।
- পুলি সংগ্ৰহ কৰাৰ এদিন বা দুদিনৰ ভিতৰেত পুলিটোক ৰোপণ কৰিব।
- পুলিটোক ঢাকি ৰখা আৱৰণটো এটা ফালে ওপৰৰ অংশৰ পৰা কাটি পুলিটো শিপাত লাগি থকা মাটিখিনিৰ সৈতে আৱৰণটোৰ পৰা ওলিয়াই ল’ব।
- নিৰ্বাচিত স্থানত পুলিটোৰ শিপাত লাগি থকা মাটিখিনিতকৈ কমেও দুই-তিনিগুণ ডাঙৰ গাঁত এটা খান্দি ল’ব।
- গাঁতটোত ৬-৮ ছে:মি. উচ্চতাৰ শুকান জৈৱিক সাৰৰ তৰপ এটা দি ল’ব নতুবা গাঁতটোৰ তলিৰ উচ্চতা এনেদৰে বঢ়াই ল’ব যাতে শিপাৰ একেবাৰে ওপৰৰ অংশ ভূমি পৃষ্ঠৰ লগত মিলি থাকে।
- পুলিটোক শিপাৰ সৈতে সাৱধানেৰে গাঁতটোৰ মাজত ৰাখি লৈ পুলিটো পোন আৰু উলম্ব হোৱাটো নিশ্চিত কৰিব।
- খান্দি উলিওৱা মাটিখিনি আৰু জৈৱিক সাৰেৰে গাঁতটো পুতি ল’ব আৰু উপযুক্ত পৰিমাণৰ পানী ছতিয়াই দিব।
- পুতি লোৱা গাঁতটোৰ পৃষ্ঠভাগ লাহে লাহে দৃঢ় কৰি ল’ব।
- প্রয়োজন সাপেক্ষে গৰু ছাগলী আৰু অবাঞ্চিত উপাদানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ পৰা হাত সাৰিবলৈ সঠিক আকাৰৰ বাঁহৰ জেওৰা বান্ধি দিব।
- যদি ৰোপণ কৰা পুলিটো জীয়াই নাথাকে তেন্তে তৎক্ষণাত তাৰ ঠাইত সুস্থ পুলি এটা ৰুই দিব।
- ৰোৱা গছপুলিটো আপোন কৰি লওক আৰু আঠ ফুটমান ওখ নোহোৱালৈ যত্ন লওক।
গছপুলি ৰোৱাৰ পিছত কি কৰিব?
- আপোনাৰ ‘ইউজাৰ আইডি’ (user ID) আৰু ‘পাছৱৰ্ডে’ৰে মোবাইল এপত লগইন কৰক (এপটো গুগল প্লেষ্টোৰ বা www.shyamaleechouhad.assam.gov.in ৰ পৰা ডাউনলোড কৰিব) ।
- মোবাইল এপৰ জৰিয়তে গছপুলিৰ ছবি তুলি লওক আৰু আপোনাৰ ভৌগোলিক অৱস্থানৰ সৈতে (ম’বাইল ফ’নৰ Location অন কৰি) ৱেব পৰ্টেল – (www.shyamaleechouhad.assam.gov.in) ত আপলোড কৰিব। যদি ফটোৰ ভৌগোলিক অৱস্থানৰ সংৰক্ষণ কৰাৰ অনুমতি পূৰ্বে প্রদান কৰা হোৱা নাছিল তেন্তে ‘এপ’টোৱে ভৌগোলিক অৱস্থান সংৰক্ষণ কৰাৰ অনুমতি দিবলৈ ক’ব। আপোনাৰ অৱস্থান সংৰক্ষণ কৰিবলৈ আপুনি এপটোক অনুমতি দিব লাগিব।
- ভৌগোলিক অৱস্থানসহ ফটোবোৰত – উদ্ভিদৰ প্রজাতিৰ নাম, ৰোপণৰ তাৰিখ, ৰোপণকাৰীৰ নাম, উদ্ভিদৰ ব্যৱহাৰ আৰু লাভৰ বিৱৰণ থাকিব লাগিব।
- ৰোপণকাৰীসকলে ৰোপণ কৰা গছপুলিৰ বৃদ্ধিৰ ফটো ভৌগোলিক অৱস্থানৰ সৈতে প্রতি তিনি মাহৰ মূৰে মূৰে ৱেবছাইটত আপডেট কৰিব লাগিব।
- ৱেব পৰ্টেলৰ জৰিয়তে ভৌগোলিক অৱস্থানসহ ফটোবোৰ আপলোড কৰিব পাৰিব।
প্ৰকল্পৰ ৰূপায়ন
প্ৰস্তুতিপৰ্ব
- গছপুলি ৰোপণৰ বাবে চৌহদৰ বাছনি ।
- বৈজ্ঞানিক পদ্ধতিৰে গছপুলি ৰুবলগীয়া স্থানৰ প্রস্তুতি ।
- গছপুলি বোৰৰ যতন লোৱাৰ বাবে কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ মাজত দায়িত্ব বিতৰণ ।
- শৈক্ষিক প্রতিষ্ঠানৰ ক্ষেত্ৰত গছপুলিৰ যতন লোৱাৰ বাবে শিক্ষক, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰীসকল অংশীদাৰ হ’ব ।
স্থানীয় প্রজাতি নিৰ্বাচন
- ভিন্ন প্ৰজাতিৰ উদ্ভিদৰ প্রদত্ত তালিকা পৰা প্রজাতি নিৰ্বাচন কৰিব পাৰিব
- কৃষি-জলবায়বিক অঞ্চল আৰু বনাঞ্চলৰ প্রকাৰৰ ওপৰত ভিত্তি কৰি স্থানীয় প্ৰজাতিৰ নিৰ্বাচন ।
গছপুলি ৰোপণ কাৰ্যসূচী
- তদাৰক কৰিবলৈ জিলা পৰ্যায়ৰ সমিতি গঠন ।
- মোবাইল এপৰ জৰিয়তে ৱেব পৰ্টেলত ফটো আপলোড + ভৌগোলিক অৱস্থান (নিজ প্রতিষ্ঠান অনুসৰি)
- তিনিমাহৰ মূৰে মূৰে (৩ বছৰলৈ) মোবাইল এপৰ জৰিয়তে গছৰ বৃদ্ধিৰ ফটো ৱেব পৰ্টেলত আপলোড কৰা
অনলাইন পৰ্টেল

www.shyamaleechouhad.assam.gov.in
অসমৰ কৃষি-জলবায়ৰিক মণ্ডল

- এই কাৰ্যসূচীৰ লক্ষ্য হৈছে জলবায়ু আৰু ভূমি সম্বন্ধীয় কাৰকৰ (কৃষি-জলবায়বিক অঞ্চল অনুসৰি) ওপৰত ভিত্তি কৰি উদ্ভিদৰ প্রজাতিৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা কৰা যাতে সেউজ আৱৰণ আৰু কাৰ্বন ভাণ্ডাৰ বৃদ্ধি পায়, ওযষধি গছৰ সংৰক্ষণ হয়, ফলৰ উপলব্ধতা আৰু চৌহদৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি পায়।
- অসমত ছটা (৬) কৃষি-জলবায়বিক মণ্ডল আছে;
কৃষি-জলবায়বিক মণ্ডল | জিলা |
উজনি ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল | তিনিচুকীয়া, ডিব্ৰুগড়, শিবসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট |
উত্তৰী সমভূমি মণ্ডল | ধেমাজী, লক্ষীমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, ওদালগুৰি |
মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল | নগাঁও, মৰিগাঁও, হোজাই |
পাহাৰীয়া নাতিশীতোষ্ণ অঞ্চল | ডিমা-হাছাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং |
নামনি ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল | কামৰূপ (মহানগৰ), কামৰূপ, নলবাৰী, বৰপেটা, বজালী, বাক্সা, তামোলপুৰ, চিৰাং, কোকৰাঝাৰ, গোৱাপাৰা ধুবুৰি, দক্ষিণ শালমাৰা-মানকাচাৰ |
বৰাক উপত্যকা মণ্ডল | কাছাৰ, হাইলাকান্দি কৰিমগঞ্জ |
গছপুলি ৰোপনৰ বাবে প্ৰজাতিৰ পৰামর্শমূলক তালিকা



Also Read – শৈক্ষিক দিনপঞ্জী ২০২২-২৩